June 18, 2026 8:02 PM

views 11

বিশ্বনাথত সর্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কর্মীক বিশেষভাবে অভিনন্দন

বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত এহেজাৰৰো অধিক সর্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কর্মীসকলক বিশেষভাবে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে, সর্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বর্ষত তেওঁলোকে সাপে খোঁটা লোকসকলক চিকিৎসা প্রদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্রত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুতীয়াই বিশেষভাবে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপন কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চি...