May 3, 2024 12:35 PM

views 46

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত এমাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ পাছত কালি পুৱা এই ঘটনা সংঘটিত হয়। এক্সপ্ৰেছৱে’ খহি পৰাৰ ফলত ২০খনতকৈও অধিক বাহন পাহাৰৰ পৰা তললৈ বাগৰি পৰে। বাতৰি অনুসৰি বাগৰি পৰাৰ পাছতে বাহনসমূহক জুয়ে আগুৰি ধৰে। ঘটনাৰ ফ...