December 14, 2025 11:44 AM

views 57

নগাঁও জিলা প্রশাসনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে পৰহিলৈ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাণ্ডৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই কালি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটণ্ডৰি, ৰৌমাৰী বিল, মৈৰাধবজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুতি ৰুদ্ধ কৰি অবৈধভাবে পুখুৰী বান্ধ নিৰ্মাণ কৰিছে। যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাঁওবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্রাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৬ ডিচ...