July 15, 2024 10:45 AM

views 41

ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত

■ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক'ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ ৮৬ মিনিটত দলৰ হৈ বিজয়সূচক গলটো দিয়ে। উল্লেখযোগ্য যে, ২০২০ চনৰ ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়।

June 22, 2024 1:08 PM

views 54

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া চেক গণৰাজ্যৰ বিৰুদ্ধে অৱৰ্তীণ

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া আৰু চেক গণৰাজ্যৰ মাজত খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৬ বজাত হামবুর্গত অনুষ্ঠিত হ'ব। ডর্টমুণ্ডত ভাৰতীয় সময় অনুষ্ঠিত নিশা চাৰে ৯ বজাত তুৰস্ক আৰু পৰ্টুগালৰ মাজত আন এখন খেল অনুষ্ঠিত হ'ব আনহাতে ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত কল'নত বেলজিয়াম আৰু ৰোমানিয়াৰ মাজত খেল অনুষ্ঠিত হ'ব। অষ্ট্ৰিয়াই যোৱানিশা বাৰ্লিনৰ অলিম্পিয়াষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিব এখন সংঘর্ষপূর্ণ খেলত পোলেণ্ডক ৩- ১ গলৰ ব্যৱধানত পৰাস্ত কৰে। কালিৰ পৰাজয়ৰ পাছত...