August 18, 2024 12:15 PM

views 74

ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নভুক্ত শ্রমিকৰ ২০২২ চনৰ ৩১ মার্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ দুই লাখ টকাকৈ আগবঢ়োৱাৰ লগতে দুয়োটা চকু বা দুয়োখন হাত অথবা দুয়োটা ভৰি নষ্ট হোৱা শ্ৰমিকলৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ'ব। আনহাতে এটা চকু, ...

July 28, 2024 11:20 AM

views 47

eshram.gov.in প’ৰ্টেলত প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট

ৰাজ্য চৰকাৰে ২০২১ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ আগষ্টলৈ eshram.gov.in প'ৰ্টেলত পঞ্জীয়নভুক্ত ৰাজ্যৰ প্ৰব্ৰজিত শ্রমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে। প্রব্রজিত শ্রমিকসকলে নতুন ৰেচন কার্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নির্দিষ্ট প্ৰ-পত্র সম্পূর্ণ তথ্যসহ পূৰণ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত আৱেদনকাৰীৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হ'ব লাগিব। প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট। এই প্ৰ-পত্রসমূহ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব।