December 27, 2025 8:21 PM

views 62

অসমত আজি সন্ধিয়া প্রায় ৬.১২ মিনিটত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভুত

অসমত আজি সন্ধিয়া প্রায় ৬.১২ মিনিটত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৪.২ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা ১৩ কিলোমিটাৰ নিলগত বুলি কোৱা হৈছে। অৱশ্যে এতিয়ালৈ এই ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ তথ্য পোৱা হোৱা নাই৷