August 12, 2025 1:01 PM

views 36

আজি বিশ্ব হস্তী দিৱস; তামিলনাডুৰ কইম্বাটুৰত ৰাষ্ট্ৰীয়ভাৱে উদযাপন

আজি বিশ্ব হস্তী দিৱস। পৃথিৱীত বাস কৰা অন্যতম বৃহৎ এই প্রাণীবিধৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে প্ৰতিবছৰৰ ১২ আগষ্টত বিশ্ব হস্তী দিৱস পালন কৰা হয়। তামিলনাডুৰ কইম্বাটুৰত আজি এই দিৱস ৰাষ্ট্ৰীয়ভাৱে উদযাপনৰ আয়োজন কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে তামিলনাড়ু বন বিভাগৰ সহযোগত এই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে উদ্বোধন কৰা এই অনুষ্ঠানত বন বিষয়া, নীতি নির্মাতা, বন্যপ্রাণী বিশেষজ্ঞ আৰু নাগৰিক সমাজৰ প্রতিনিধিসকলে হস্তী সংৰক্ষণৰ বিভিন্ন দিশসম...