September 15, 2026 12:12 PM
28
আজি সমগ্র দেশতে অভিযন্তা দিৱস পালন
খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে।