April 3, 2025 7:44 PM

views 67

কাইলৈ পুৱা ৮ বজাৰ পৰা ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্রং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাত ৬৭.৫৫ শতাংশ আৰু গোৱালপাৰা জিলাত ৬৯.০৮ শতাংশ ভোটদান হয়। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ দৰিদুৰি সমষ্টিত সর্...

April 5, 2024 7:36 PM

views 152

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

◊ ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নির্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ ...