April 9, 2024 12:25 PM

views 56

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্ৰচেষ্টা অব্যাহত

বিভিন্ন জিলা প্রশাসনে ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, নির্বাচনী ব্যয় পর্যৱেক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি থকাৰ সমান্তৰালকৈ অবৈধ ধনৰ সৰবৰাহ ৰোধ, মাদক দ্রব্য জব্দ কৰা আদি কাৰ্যও কৰি থকা হৈছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ মহিলা ভোটগ্রহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ কার্য...