August 3, 2026 9:56 PM
5
উপ-নির্বাচন অনুষ্ঠিত গুজৰাটৰ মাঞ্জলপুৰ সমষ্টিত বিজেপিৰ আৰু মধ্য প্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়লাভ
বিহাৰ, গুজৰাট আৰু মধ্য প্রদেশ বিধানসভাৰ ৩ টা সমষ্টিৰ বাবে উপনিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হৈছে। বিজেপিয়ে গুজৰাটৰ বডোডৰা জিলাৰ মাঞ্জলপুৰ বিধানসভা সমষ্টিটো পুনৰ দখল কৰিবলৈ সমৰ্থ হৈছে। সমষ্টিটোৰ পৰা বিজেপি প্রার্থী সতেন্দ্র ভাই পেটেলে কংগ্ৰেছৰ ভিখাভাই ৰাবেৰীক ৩০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীপেটেলে ৫৫ হাজাৰ ৪৮১ টা আৰু শ্ৰীৰাবেৰীয়ে ২৪ হাজাৰ ৮৫১ টা লাভ কৰিছে। ইপিনে, মধ্য প্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘণশ্যাম সিঙে বিজেপিৰ আশ...