April 22, 2024 8:01 PM

views 38

দেশৰ বিভিন্ন প্ৰান্তত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আলিগড় আৰু ফটেহপুৰ ছিক্ৰী জিলাত প্ৰচাৰ চলায়। একেদৰে বিৰোধী দলসমূহেও প্ৰচাৰ ব্যাপক ৰূপত চলাই আছে। বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে আজি বুলণ্ডশেহৰ জিলাত আয়োজিত এটা নির্বাচনী সমাবেশত দিয়া ভাষণত বিজেপিক সমালোচনা কৰি কয় যে, দলটোৱে জনসাধাৰণক আভুৱা ভৰাৰ বিপৰীতে সঁচা অৰ্থত কোনো লেখত ল'বলগীয়া কাম কৰা নাই। কংগ্ৰেছ দলৰ...