March 31, 2025 11:23 AM

views 72

সমগ্ৰ দেশতে আজি ঈদ-উল-ফিতৰ উৎসৱ উদযাপন

পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদ নামাজৰ আয়োজন কৰা হৈছে। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে পবিত্ৰ ৰমজান মাহৰ উপবাস আৰু প্ৰাৰ্থনাৰ অন্তত ঈদ পালন কৰা হয়। শ্ৰীমতী মুমুৱে কয়, যে এই উৎসৱে ভাতৃত্ববোধ, সহ...

March 30, 2025 6:49 PM

views 54

ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল

● ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰে ঈদ নামাজৰ বাবে ঈদগাহ আৰু মছজিদসমূহ সজাই-পৰাই তোলা হৈছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদ সজাই-পৰাই তোলা হৈছে।

April 11, 2024 7:08 PM

views 34

ঈদ-উল ফিটৰ উপলক্ষে সমগ্ৰ দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

আজি পবিত্র ঈদ-উল ফিটৰ। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাই বিভিন্ন ঈদগাহ আৰু মছজিদত ঈদৰ নামাজ আদায় কৰিব। দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল মণ্ডলী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে এই উৎসৱে প্রেম, ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, পবিত্র ঈদ হৈছে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ উপভো...