June 12, 2026 5:49 PM

views 42

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত আশা প্রকাশ কৰি ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰোই কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয়, যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে ...

September 3, 2024 6:01 PM

views 99

গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক'ৰিড'ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য্য। শ্ৰী নেতানাহুৱে এটা বিবৃতি যোগে ইজৰাইলৰ বাবে যুদ্ধ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভূমি ভাগ গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। ফিলাডেল্‌ফ ক’ৰিড’ৰেৰে হামাছক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱা সপ্তাহত গাজা সুৰংগত ছগৰাকী পনবন্দীক হত্যা কৰা...