August 2, 2026 8:59 PM

views 6

বান বিধবস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পর্যালোচনা বৈঠক

ৰাজ্যৰ বানবিধস্ত অঞ্চল সমূহৰ শিক্ষার্থীসকলে সম্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্রস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি ৰাজ্যিক পাঠ্যপুথি প্রণয়ন নিগমৰ কাৰ্য্যালয়ত এখন পর্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ-পত্ৰ শীঘ্রেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষার্থী সকলৰ শৈক্ষিক জীবনত কোনো ব...