September 20, 2026 12:51 PM

views 4

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত নৱনিৰ্মিত ছাত্রী নিবাস উদ্বোধন

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত পি এম ঊষা আঁচনিৰ অধীনত তিনি কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ছাত্রী নিবাস উদ্বোধন কৰে। তেওঁ লগতে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নির্মিত আন এটা শৈক্ষিক ভৱনো উদ্বোধন কৰে। এই কাৰ্যসূচীত বিধয়ক ভিক্টৰ দাস আৰু বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী উপস্থিত থাকে। ১৯৭৪ চনত স্থাপিত মহাবিদ্যালয়খনৰ এই নৱ নির্মিত আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ সঠিক ব্যৱহাৰেৰে শৈক্ষিক উৎকৰ্ষৰ দিশত দৃঢ়তাৰে আগবাঢ়ি যাব বুলি শিক্ষ...