June 28, 2026 12:06 PM
13
অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক পি কে দত্তৰ ৫৩ কোটি ২৮ লাখ টকাৰ অস্থাৱৰ সম্পত্তি ই ডিয়ে জব্দ কৰিছে
বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক পি কে দত্তৰ ৫৩ কোটি ২৮ লাখ টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। ১৯৯২ চনৰ পৰা ২০১৯ চনলৈ অসম আৰক্ষীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা পি কে দত্তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ তথ্য পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পত্নীয়ে ৭ কোটি ২৩ লাখ টকা আহৰণৰ তথ্...