November 18, 2025 8:47 PM

views 58

ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নির্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কৰা হ'ব। এই অনুসৰি আজিৰ পৰা এই সম্পর্কীয় নথি পত্র ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নবেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি-পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত ...

October 30, 2025 12:49 PM

views 26

ৰাষ্ট্ৰীয় ভোটদাতা আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ

 নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন্দ্রই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ শুল্কবিহীন নম্বৰ ১৮০০-১১-১৯৫০ৰ জৰিয়তে ওজৰ-আপত্তি নিষ্পত্তিৰ ব্যৱস্থা কৰিব। নির্বাচন আয়োগে প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাক নিজৰ নিজৰ ৰাজ্য আৰু জিলা যোগাযোগ...

October 4, 2025 12:11 PM

views 38

কেন্দ্রীয় পর্যবেক্ষকসকলক বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ জ্ঞানেশ কুমাৰ

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কেন্দ্রীয় পর্যবেক্ষকসকলক ৰাজনৈতিক দল, প্রার্থী আৰু ভোটাৰসকলৰ বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ দিছে। সমাগত বিহাৰৰ বিধানসভাৰ নির্বাচন আৰু কিছুমান ৰাজ্যত হ'বলগীয়া উপ নির্বাচনৰ বাবে নিয়োজিত কেন্দ্রীয় পর্যবেক্ষকসকলক কয়, যে নির্বাচনী পর্যবেক্ষকসকল হ'ল গণতন্ত্ৰৰ মুখ্য স্তম্ভ। তেওঁ পর্যবেক্ষকসকলক ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈও নিৰ্দেশ দিয়ে আৰু বিহাৰৰ বাবে আয়োগে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহ কাৰ্যকৰী কৰাটো নিশ্চিত কৰা। কেন্দ্রীয় প...