September 30, 2025 8:26 PM

views 93

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকাৰ অধীনতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। নির্বাচন আয়োগে অনলাইন যোগে ভোটাৰ তালিকা প্ৰকাশ কৰিছে। বিহাৰৰ মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰতিখন জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা দণ্ডাধীশলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে। এই তালিকাৰ প্রতিলিপি সকলো স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দললৈও প্ৰেৰণ কৰা হ'ব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন অভিযানৰ পাছত ভোটাৰ তালিকাৰ খ...