August 2, 2026 8:42 PM

views 22

কংগোত ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থাই কংগোত ইব'লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশখনত ইব'লাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ থকাৰ লগতে ভৌগোলিকভাবে বিস্তৃত হৈ চুবুৰীয়া দেশসমূহলৈও বিয়পিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি দেশখনত সম্প্রতি ৩৬০৫টা নিশ্চিত সংক্ৰমণৰ ঘটনাৰ তথ্য প্রকাশ হোৱাৰ লগতে যোৱা বৃহস্পতিবাৰলৈ ডেৰ হাজাৰতকৈ অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে।