November 8, 2026 12:12 PM

views 7

জাপানত পুৱা হোৱা ভূমিকম্পত কমেও ২২ জন লোক আহত

জাপানৰ মধ্যভাগত আজি পুৱা ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত দোকানৰ কাঁচ ভাঙি যায় আৰু জনসাধাৰণ ভয়ত ঘৰৰ বাহিৰলৈ ওলাই আহে। ভূমিকম্পৰ ফলত কমেও ২২ জন লোক আহত হয়। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৫.৭ আছিল আৰু শ্বিজুঅ'কা প্রদেশত ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ গভীৰতাত ইয়াৰ অভিকেন্দ্ৰ আছিল। ভূমিকম্পৰ ফলত আইচি প্রদেশত সর্বাধিক প্ৰভাৱ পৰিলক্ষিত হয়।