July 18, 2024 1:25 PM

views 27

মৰিছাছত ভাৰতৰ জন ঔষধি কেন্দ্ৰ মুকলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি মৰিছাছত বিদেশত ভাৰতৰ প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰে। জন ঔষধি মুকলি কেন্দ্ৰ অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ য'গনাথে অংশগ্রহণ কৰে ৷ সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ প্ৰথম ভাগত দিয়া প্রতিশ্রুতি অনুসৰি এই জন ঔষধি কেন্দ্ৰটো মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে উভয় দেশৰ চিকিৎসা সহযোগিতা প্ৰকল্পৰ অধীনত মৰিছাছৰ জনসাধাৰণক ভাৰতত প্ৰস্তুত কৰা সুলভ মূল্যৰ ঔষধ যোগান ধৰা হ'ব। ...