January 15, 2026 6:55 PM

views 67

ভাৰতীয়সকলক সম্প্ৰতি ইৰান ভ্রমণ নকৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আহ্বান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয়সকলক সম্প্ৰতি ইৰান ভ্রমণ নকৰিবলৈ আহ্বান জনাইছে। মধ্যপ্রাচ্যৰ দেশখনৰ সুৰক্ষা ব্যৱস্থাৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিততে মন্ত্ৰালয়ে প্রকাশ কৰিছে যে সাম্প্ৰতিক পৰিস্থিতিত পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত ভাৰতীয়সকলক দেশখন ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। লগতে ইৰানবাসী ভাৰতীয়সকলক তেহৰানত থকা ভাৰতীয় দূতাবাসত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে, তেহৰানৰ ভাৰতীয় দূতাবাসে ইৰানত থকা শিক্ষাৰ্থী, পৰ্যটক, ব্যৱসায়ী, তীর্থযাত্রী আদি সকলোকে শীঘ্ৰে দেশখন ত...