October 21, 2026 1:24 PM
8
সমাজৰ অপায়-অমংগল দূৰ হোৱাৰ কামনাৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাৱণ দাহন কাৰ্যসূচী
বিজয়া দশমীৰ সমান্তৰালভাৱে উত্তৰ গুৱাহাটীত ৰাৱণ দাহন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ৮০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিচ্ছবি নির্মাণ কৰি উলিওৱা হৈছে। সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত ৰাৱণ দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সমাজৰ পৰা আসুৰিক শক্তিক বিনাশ কৰাৰ উদ্দেশ্যে প্রতীকিভাবে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। গোৱালপাৰা জিলাৰ ৰংজুলিতো দুর্গা দেৱীৰ প্রতিমা বিসর্জনৰ পাছত বিশাল আকাৰৰ ৰাৱণৰ মূৰ্তি দাহন কৰা হ'ব। ৰাৱণৰ মূৰ্তি দাহন কাৰ্যসূচীৰে সমাজৰ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰা হৈছে।