September 29, 2025 6:42 PM

views 74

শাৰদীয় দুর্গাপূজাৰ সপ্তমীৰ দিন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ

আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুর্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিশ্বেশ্বৰ দেৱালয়কে ধৰি প্রাচীন দেৱালয়সমূহত নৱৰাত্রিৰ প্রথম দিনাৰে পৰা আধ্যাত্মিকতা ৰক্ষ...

September 29, 2025 10:32 AM

views 102

আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী পূজা

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত স্তিমিত উৎসাহ-উদ্দীপনাৰে শাৰদীয় দুর্গোৎসৱৰ আয়োজন কৰা হৈছে। আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি-নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। শিৱসাগৰ জিলাত ১৭৩৪ চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা ২৯১ বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজাৰ আয়োজন কৰা হৈছে। ...

September 28, 2025 8:47 PM

views 109

ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠাৰে শাৰদীয় দুর্গা পূজা আৰম্ভ

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি- নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত হৈ আছে৷ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখন শোকাছন্ন হৈ থকাৰ মাজতে জনসাধাৰণে পৰম্পৰা বৰ্তাই ৰাখি দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিছে। ইতিহাসপ্রসিদ্ধ দ...

September 28, 2025 11:42 AM

views 88

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠী

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত হৈ আছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখন শোকাছন্ন হৈ থকাৰ মাজতে জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাসপ্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্র...

September 22, 2025 8:10 PM

views 63

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে মহাষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছত...

August 21, 2025 7:21 PM

views 81

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা ৩১ আগষ্টৰ ভিতৰত বানছ ঘোষণা কৰিব লাগিব বুলি জিলা প্রশাসনে নির্দেশ দিছে। ঘোষিত বানছ যোৱা বছৰৰ তুলনাত কম হ'ব নোৱাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত স্পষ্ট কৰি দিয়ে। চাহ শ্রমিকসকলে সময়মতে কোনো সমস্যা নোহোৱাকৈ বানছ লাভ কৰিবলৈ সকলো পক্ষকে একেলগে কাম কৰিবল...