July 27, 2025 11:04 AM

views 53

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস পাইছে। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন-জুলাইত সাধাৰণতে ৭৮৮. ৮ মিলিমিটাৰ বৰষুণ হয় যদিও এইবেলি ৪৪৪.১ মিলিমিটাৰহে বৰষুণ হৈছে। সেই অনুসৰি এই সময়ছোৱাত বৰষুণৰ পৰিমাণ ৪৪ শতাংশ হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত দক্ষিণ শালমাৰাত ৰাজ্যৰ ভিতৰত বৰষুণৰ পৰিমাণ সৰ্বাধিক হ্ৰাস পাইছে। জিলাখনত পহিলা জুনৰ পৰা ২৫ জুলাইলৈ বৰষুণৰ পৰিমাণ প্রায় ৮৪ শতাংশ কম হৈছে। একেদৰে দৰঙত বৰষুণৰ পৰিমাণ স্বাভাৱিতকৈ ৭৯, বৰপেটা...

July 20, 2025 7:51 PM

views 129

ৰাজ্যৰ কেইবাখনো জিলাত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে

ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ কম হোৱাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইদৰে প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ওদালগুৰি, কামৰূপ, দৰং, গোলাঘাট, মাজুলীকে ধৰি বিভিন্ন জিলাৰ কৃষি বিষয়াসকলে কৃষিভূমিসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰিছে। কৃষি বিষয়াসকলে এই পৰিদৰ্শনকালত কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লোকক সহায়ৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে, ৰাজ্যৰ ২৫ খন জিলাত যোৱা ...