August 30, 2024 8:49 PM

views 40

মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে ডº টি ভি সোমনাথনৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া ডº টি ভি সোমনাথনে আজি মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । ডº সোমনাথন ৰাজীৱ গৌবাৰ স্থলাভিষিক্ত হৈছে। ১৯৮৭ চনৰ তামিলনাড়ু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সোমনাথনে প্রধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব আৰু অতিৰিক্ত সচিবৰ দায়িত্বৰ লগতে কেন্দ্ৰৰ অন্যান্য গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। মন্ত্ৰীসভাৰ সচিব হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বিত্ত সচিব আৰু ব্যয় দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।