May 18, 2025 7:30 PM

views 30

ধেমাজি জিলাৰ চিচিমুখত ব্ৰহ্মপুত্ৰ আৰু জিয়াঢল নৈৰ গৰাখহনীয়া মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰিদৰ্শন

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ চিচিমুখত ব্ৰহ্মপুত্ৰ আৰু জিয়াঢল নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। ডাঃ পেগুৱে বানত ক্ষতিৰ আশংকা থকা মথাউৰিৰ অংশসমূহ চিনাক্ত কৰি আগতীয়াকৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গ্ৰেজিং, গেৰজাই, জন্মিচুক, আৰু তাপিতগাওঁত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ফ্লাড ড্রীল আঁচনিৰ অধীনত তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে মিছিং স্বায়ত্ত শাসিত প...