July 25, 2024 8:21 PM

views 34

ৰপ্তানিৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ১,০১৩ টা ডাকঘৰ ৰপ্তানি কেন্দ্ৰ স্থাপন – ডাঃ পেম্মাছানী চন্দ্ৰশেখৰ

চৰকাৰে ডাকঘৰ নেটৱৰ্কৰ জৰিয়তে ৰপ্তানিৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এহেজাৰ ১৩টা ডাকঘৰ ৰপ্তানি কেন্দ্ৰ স্থাপন কৰিছে। যোগাযোগ আৰু গ্ৰামোন্নয়ন মন্ত্রী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, এই কেন্দ্ৰসমূহে সীমান্তৰ সিপাৰলৈ ই-বাণিজ্যৰ সুবিধা আগবঢ়ায় আৰু শিপিনি, কাৰুশিল্পী, কাৰিকৰ তথা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলী উদ্যোগসমূহক সবল কৰি তোলে । তেওঁ কয় যে, এই কেন্দ্ৰীসমূহৰ জৰিয়তে ৰত্ন আৰু অনুকৃত আভূষণ, বস্ত্ৰ, চামৰাৰ সামগ্রী, হস্তশিল্পজাত সা...