April 14, 2025 10:28 AM

views 23

সমগ্ৰ দেশতে সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী পালন

আজি সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী। এই উপলক্ষে দেশবাসীলৈ প্ৰেৰণ কৰা এটা শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰিছে। বাবা চাহেব আম্বেদকাৰ এগৰাকী বহুমুখী ব্যক্তিসম্পন্ন তথা অর্থনীতিবিদ, শিক্ষাবিদ হোৱাব লগতে এগৰাকী মহান সমাজ সংস্কাৰক আছিল বুলিও শ্রীমতী মুৰ্মুৱে প্রকাশ কৰে। মহিলা আৰু বঞ্চিত শ্রেণীৰ অর্থনৈতিক আৰু স...