September 17, 2025 12:09 PM

views 58

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে টেলিফোনেৰে কথা পাতে। শ্রীট্রাম্পে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰত আৰু আমেৰিকাৰ ব্যাপক আৰু গোলকীয় অংশীদাৰিত্ব নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ট্রাম্পৰ দৰে তেওঁয়ো সম্পূর্ণ প্রতিশ্রুতিবদ্ধ। শ্রীমোদীয়ে কয়, যে ইউক্রেইন সংঘৰ্ষৰ শান্তিপূর্ণ সমাধানৰ উদ্দেশ্যে ট্রাম্পে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ আছে।