September 17, 2025 12:24 PM

views 50

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প ব্ৰিটেইনত উপস্থিত

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প কালি নিশা ব্ৰিটেইনত উপস্থিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্রাম্পে এই ভ্রমণক বৃহত পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা ব্ৰিটিছ ৰাজতন্ত্ৰ আৰু চৰকাৰৰ মাজত উচ্চ স্তৰীয় সংযোগ হব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতি ট্রাম্প আৰু তেওৰ পত্নী মেলানিয়াক আমেৰিকাৰ প্ৰট'কলৰ মুৰব্বী ৰাষ্ট্ৰদূত মনিকা ক্ৰ'লিয়ে আদৰণি জনায়। ১৯৫৫ চনত ব্ৰিটেইনত স্থাপন কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ চৰকাৰী বাসগৃহ উইনফিল্ড হাউছত তেওঁ নিশা কটায়। ...