November 2, 2024 7:29 PM

views 88

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ সুশিল ৰায় বুলি চিনাক্ত কৰা হয়। ইফালে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এখন ট্রাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দেৰগাঁৱৰ কুৰালগুৰি পুৰণি চেনীকলৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত বোকাখাটৰ নিৱাসী নয়নজ্যোতি হাজৰিকা নামৰ লোকজন থিতা...

November 1, 2024 7:26 PM

views 59

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী কালিৰে পৰা পালন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী আৰু কালী পূজা উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিউ মার্কেট কালী পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। ইপিনে, দীপাৱলী উপলক্ষে গুৱাহাটী মহানগৰী আলোকময় হৈ উঠিছে। মাটিৰ চাকিৰ পোহৰৰ সমান্তৰালভাৱে ৰং-বিৰঙী আলোকসজ্জাৰে মহানগৰীৰ প্ৰতিটো প্ৰান্ত জিলিকি উঠিছে। আজিৰ দিনটোত আৰক্ষী প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া স্থানসমূহত আতচবাজি ক্...