January 30, 2025 7:01 PM

views 32

দীপালি বৰঠাকুৰৰ ৮৪ সংখ্যক জন্মবার্ষিকীত শিল্পীগৰাকীলৈ অনুৰাগীসকলৰ শ্রদ্ধা জ্ঞাপন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত সুৱদী কণ্ঠশিল্পী দীপালি বৰঠাকুৰৰ আজি ৮৪ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে শ্রদ্ধা জ্ঞাপন কৰিছে। কোনো কোনো স্থানত শিল্পীগৰাকীয়ে কণ্ঠদান কৰা গীতৰ প্ৰতিযোগিতা আৰু সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৪১ চনৰ ৩০ জানুৱাৰীত তেতিয়াৰ শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমণি বাগানত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে বহু কালজয়ী গীতেৰে অসমীয়া সংগীতৰ জগতখন সমৃদ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীয়ে ১৯৪৭ চনত মইনা মেলৰ যোগেদি গায়িকা হিচাপে আত্মপ্রকাশ কৰিছিল। পাছলৈ তেওঁ আকাশবাণী ...