March 4, 2025 10:28 AM

views 65

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে, বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ ৪ গৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰে। ইয়াৰে দুজন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে অভিযানকাল...

December 26, 2024 1:08 PM

views 61

অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন

ডিগবৈৰ সমীপৰ দিহিং বনাঞ্চলৰ কাষত নাজিৰাটিং তামুলীগাঁৱত অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন কৰা হৈছে। গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই পৰ্যটন উৎসৱত এশটা আত্মসহায়ক গোটৰ এহেজাৰ মহিলাই থলুৱা সামগ্ৰীৰ বিপণী মুকলি কৰিব। উৎসৱত লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

September 10, 2024 12:43 PM

views 55

ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান

তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগে কালি এখন জাননীযোগে এই কথা প্রকাশ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই স্বীকৃতি লাভৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ অন্তৰ্ভুক্ত হোৱা ডিগবৈ মহাবিদ্যালয়ক সামৰি বৰ্তমানলৈকে ৰাজ্যৰ ১২ খন মহাবিদ্যালয়ে স্বতন্ত্র মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে।

June 27, 2024 7:54 PM

views 64

ডিগবৈত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ মাদক দ্রব্য জব্দ

তিনিচুকীয়া জিলাৰ ডিগবৈত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্য জব্দ কৰে। ৩ নম্বৰ গোলাইৰ বিমান তালুকদাৰৰ ঘৰত অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্যসহ এখন গাড়ী, তিনিটা মোবাইল ফোন, দুখন পাছবুক আৰু প্ৰায় ১৭ হাজাৰ নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিমান তালুকদাৰৰ লগতে তেওঁৰ পত্নীক আটক কৰে। উল্লেখযোগ্য যে তালুকদাৰে একেধৰণৰ গোচৰত পূৰ্বেও কাৰাবাস খাটিবলগীয়া হৈছিল। জব্দ কৰা নিষিদ্ধ সামগ্ৰী তেওঁ ডিমাপুৰৰ পৰা অনা বুলি স্বীকাৰ কৰাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে।