November 14, 2025 9:27 PM

views 40

ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ কৰে। নাবাৰ্ডৰ ৫ কোটি আৰু অইল ইণ্ডিয়া লিমিটেডৰ চাৰে চাৰি কোটি টকাৰ পুঁজিৰে মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে মথাউৰি মেৰামতি কাৰ্য সম্পূৰ্ণ হ'লে টিপাম তথা সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ সুৰক্ষিত হৈ থাকিব। মন্ত্ৰী হাজৰিকাই কয় যে বুঢ়িদিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থানৰ খহ...

October 9, 2025 9:01 PM

views 44

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জলসম্পদ বিভাগে এই অংশটো সম্পূৰ্ণৰূপে বিপদমুক্ত কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগটোত পর্যাপ্ত সামগ্রী মজুত আছে বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয়, যে ডিব্ৰুগড়ৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে। বিগত দুবছৰত ডিব্ৰুগড় চহৰৰ সুৰক্ষাৰ বাবে প্ৰায় ৩৭৫ কোটি টকা ব্...