October 17, 2025 12:28 PM

views 55

ডিব্ৰুগড়স্থিত কানৈ মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী

● ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সহযোগত এন ই পি ২০২০ৰ আওতাত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্রদীপ কুমাৰ বৰুৱাই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

February 15, 2025 11:38 AM

views 60

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮-১৯ ফেব্ৰুৱাৰীত শৈক্ষিক মেলা

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শৈক্ষিক মেলাৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগীৰ বাবে উল্লেখযোগ্য হিচাপে আয়োজিত এই মেলাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ একত্ৰিত হ'ব। শৈক্ষিক মেলা ২০২৫ৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন শৈক্ষিক আৰু কেৰিয়াৰৰ সুযোগসমূহ অন্বেষণৰ এখন মঞ্চ প্ৰদান কৰা। মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু পেচাদাৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি বিভ...