February 5, 2025 10:39 AM

views 41

ডিব্ৰুগড়-যোৰহাটত কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ এটা দলে কালি ডিব্ৰুগড় আৰু যোৰহাটত কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। অৱশ্যে এই সন্দৰ্ভত দলটোৱে কোনো কথা প্ৰকাশ কৰা নাই। দলটোৱে জিলা দুখনৰ উপৰি অৰুণাচলৰ কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। তদুপৰি অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্রী নাবাম টুকীৰ বাসভৱনতো ১২ জনীয়া দলটোৱে তালাচী চলায়।