November 19, 2025 6:46 PM

views 35

ডিব্ৰুগড় নগৰ পানীযোগান প্ৰকল্প আৰু পয়ঃপ্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় নগৰ পানীযোগান প্ৰকল্প আৰু পয়ঃপ্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পানীযোগান প্রকল্পই ডিব্ৰুগড় পৌৰ এলেকাৰ পানীৰ সমস্যা সমাধান কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পশ্চিম চৌহদৰ ডি ইউ হাট পার্কিং এলেকাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্রশান্ত ফুকন, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।