June 28, 2026 12:19 PM

views 8

মালয়েছিয়াত অনুষ্ঠিত পঞ্চম যোগাসন ক্রীড়া এছিয়া কাপ ২০২৬ত যোগ প্রতিযোগিতাত জগদীশ ভৰালীৰ চাৰিটা শাখাত সোণৰ পদক অর্জন

মালয়েছিয়াত কালি সামৰণি পৰা পঞ্চম যোগাসন ক্রীড়া এছিয়া কাপ ২০২৬ত যোগ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে চাৰিটা শাখাত সোণৰ পদক অর্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ ৫টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমূৰা নিবাসী শ্রীভৰালী তিনি দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে।