November 19, 2025 8:44 PM

views 42

ডিব্ৰুগড় জিলাৰ লাহোৱালত বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক

ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰীপথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা ৩ কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পত্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জড়িত হৈ আছিল বুলি আৰক্ষীয়ে জনাইছে।