April 25, 2025 11:38 AM

views 19

পহলগামৰ ঘটনাক ডিব্ৰুগড়ৰ চেণ্টাৰ ফ’ৰ ইছলামিক ষ্টাডিজ, ডুমডুমা চেম্বাৰ্ছ অৱ কমার্ছৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে কৰা নৃশংস আক্ৰমণত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফ'ৰ ইছলামিক ষ্টাডিজে বিৰোধিতা কৰিছে। সভাপতি চেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে এনে দুষ্কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকসকলৰ দুখ-যন্ত্ৰণাত সহমর্মিতা প্রকাশ কৰিছে। ইছলামিক ষ্টাডিজে মৃতসকলৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ইপিনে, পহলগামৰ ঘটনাক তিনিচুকীয়া জিলাৰ ডুমডুমা চেম্বাৰ্ছ অব কমার্ছেও তীব্ৰ গৰিহণা দিছে। আক...