January 11, 2025 1:24 PM

views 32

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পর্যালোচনাৰে মন্ত্ৰী অশোক সিংহলৰ বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি ডিব্ৰুগড়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্রীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ সবিস্তাৰে পৰ্যালোচনা কৰে। এই পর্যালোচনা বৈঠকত জিলাকেইখনৰ আয়ুক্তসকলৰ উপৰি স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্রী শ্রীসিংহলে জিলাকেইখনৰ সকলো স্বাস্থ্যসূচক আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বুজ লোৱাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ বুজ লয়। বৈঠকত মূলতঃ প্রসূতিৰ ম...