July 29, 2026 7:30 PM

views 4

বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত দুর্গা মন্দিৰত বিশেষ কাৰ্যসূচী

কন্যা শিশুৰ সুৰক্ষিত ভৱিষ্যত আৰু সবলীকৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত দুর্গা মন্দিৰ প্ৰাঙ্গনত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।  অনুষ্ঠানত কন্যা শিশুৰ বাবে খোলা সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টৰ ৫০খন পাছবুক অভিভাৱকসকলক বিতৰণ কৰাৰ লগতে ২০টা নতুন একাউণ্ট থিতাতে খোলাৰ ব্যৱস্থা কৰা হয়। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ডিব্ৰুগড় নগৰ সংহত সশিশু উন্নয়ন প্ৰকল্পৰ নালিয়াপুল শাখা, মহিলা সবলীকৰণ কেন্দ্ৰ আৰু ভাৰতীয় ডাক সেৱাৰ উদ্যোগত অনুষ...