August 8, 2026 9:58 PM

views 16

ডিব্ৰুগড়ৰ লাহোৱালত ২১ জুলাইত সংঘটিত গুলীচালনাত অভিযুক্ত দিব্যজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ লাহোৱাল থানাৰ অন্তৰ্গত ঘোঁৰামৰা তিনিআলিত ২১ জুলাইৰ নিশা সংঘটিত গুলীচালনাৰ ঘটনাত অভিযুক্ত দিব্যজ্যোতি বৰুৱাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমর্থ হয়।  ধৃত লোকজনক বৰ্তমান আৰক্ষীয়ে ৭ দিনৰ বাবে জিম্মাত লৈছে। উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱাৰ দিনা মদ্যপান কৰি অভিযুক্ত দিব্যজ্যোতি বৰুৱাই ৩ জন যুৱকৰ লগত সামান্য কথাতে তর্কাতর্কি লাগি মাৰণাস্ত্ৰৰে যুৱককেইজনক আক্ৰমণ কৰিছিল।