February 17, 2025 12:42 PM

views 31

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱৰ পৰ্যালোচনা

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱে কালি ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে পর্যালোচনা কৰে। ডিব্ৰুগড় আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী শ্ৰীমতী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে এই বাজেটে দেশৰ উন্নয়নৰ লক্ষ্য প্রাপ্তিত বিশেষ ভূমিকা ল'ব বুলি উল্লেখ কৰে। মহিলাসকলৰ সবলীকৰণৰ বাবে ৪ লাখ কোটিৰো অধিক টকা...