March 28, 2025 1:10 PM

views 32

ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰ

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অধিসূচনাৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে ডিব্ৰুগড় জিলাখন অশান্ত অঞ্চল ঘোষণাৰ পৰা মুক্ত হ'ল। মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদ মেলত এই বিষয়ে সদৰী কৰে। তেওঁ কয় যে এটা সময়ত সমগ্ৰ অসমতে এই আইন বলৱৎ হৈ আছিল। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্রমে এই আইনখন প্ৰত্যাহাৰ কৰিছিল আৰু ৰাজ্যৰ ৬খন জিলাত আইনখন বলৱৎ হৈ আছিল। যোৱা বছৰ এনে জিলাৰ সংখ্যা ৪লৈ হ্ৰাস কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে।...