June 10, 2025 1:05 PM

views 31

বিক্ৰম কৈৰীৰ অধ্যক্ষতাত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন -গ্রামীনৰ অধীনত এৰী পালনৰ যাৱতীয় সা-সঁজুলিৰ বিতৰণৰ বাবে ৰেচম উৎপাদনৰ লগত জড়িত বচা বচা মহিলা হিতাধিকাৰীৰ চূড়ান্ত তালিকাত অনুমোদন জনোৱা হয়। ডিব্ৰুগড় জিলাত মুঠ ১২ গৰাকী ৰেচম উৎপাদনৰ লগত জড়িত মহিলা হিতাধিকাৰীক বাচি উলিওৱা হৈছে।