June 13, 2026 7:41 PM

views 19

ধীৰাজ সেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ

চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক অহা ৩০ জুনৰ বিয়লিৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী ছীফ অৱ দ্যা আর্মী ষ্টাফ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে বৰ্তমানৰ ছীফ অৱ দ্যা আর্মী ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে একেদিনাই অৱসৰ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষার্থী লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠে ১৯৮৬ চনৰ ডিচেম্বৰত সেনা বাহিনীত নিযুক্তি লাভ কৰিছিল। সুদীর্ঘ কার্যকালত শ্ৰীশেঠে অভিযান, কৌশলগত দিশ, সমর্থ উন্নয়ন তথা প্রাতিষ্ঠানিক ...