September 7, 2024 12:38 PM

views 27

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্তৰ আত্মসমৰ্পন

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্ত গোলাবুদ্দিন আৰু ফৰিদুল ইছলামে কালি নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰা দুই অভিযুক্তৰ এজনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত আৰু আনজনে মৰিগাওঁত আত্মগোপন কৰি আছিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক আৰু সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতিগৰাকীৰ প্ৰচেষ্টাত দুয়োকে কালি সন্ধিয়া নগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয়। সম্প্ৰতি দুয়োকে আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।